''অভিমান'' বাৰিষাৰ বৰষুণৰ দৰেই তোমাৰ অভিমান পলকতে আহে আৰু যায়
গাঁৱৰ ৰাস্তাৰ দৰে মোৰ হৃদয়খন তোমাৰ অভিমানৰ টোপালবোৰে বোকা কৰি থৈ নাযায়…
"কাৰোবাৰ মৰমত সঁচাই অভিমানী হৈ পৰে মৰমে ওপচি থকা এখন মৰমীয়াল হৃদয় ৷ অভিমানক ভেটা দি ৰাখিব নোৱাৰি
নিগৰি আহে দুচকুৰ কোণেদি
দুটোপাল চকুলো প্ৰিয়জনৰ এশাৰী মিঠা মাতত …
সাবটি ধৰে বুকুৰ মাজত আলফুলে সযতনে…
আকাশখনত উপঙি ফুৰে কলীয়া মেঘ…
এচাটি সমীৰে খেলিমেলি কৰি থৈ যায় মেলি থোৱা চুলিৰ ভাঁজ…
নামি আহে এজাক চিপচিপিয়া বৰষুণ ৷
ধুই নিয়ে নিমিষতে চকুপানীৰ টোপাল ৷
হৈ পৰে স্বাভাৱিক… ৷'
প্ৰেম
'"তোমাৰ ভালপোৱাৰ বিশ্বাসে অতিক্ৰম কৰিব পাৰো কেইবাটাও শীতৰ হাঁড় কঁপোৱা জ্বাৰৰ আবেলি …
"শাওণৰ পথাৰখন সেউজীয়া হৈ পৰাৰ দৰেই সেউজীয়া হৈ পৰিছিল সপোনবোৰ ৷
এজাক আশাৰ বৰষুণে সেউজীয়াত আৰু অধিক প্ৰলেপ লিপিছিল
ক'ব নোৱাৰাকৈ ৷
দুচকুত ভাঁহিছিল ভবিষ্যতৰ ৰঙীন সপোনৰ টুকুৰা টুকুৰ অসংখ্য ছবি ৷
"নি:সংগতা" নিঃসংগতাবোৰ হৈ পৰিছে নজনাকৈয়ে মোৰ সংগী…
"বহুত দিন হ'ল
চিনাকী সেই হাঁহিটো হেৰাই যোৱা ৷
হাঁহি থকা এখন মুখে কন্দুৱাই থৈ গুচি যায় যেতিয়াই তেতিয়াই ৷ জাবৰ হৈ পৰি ৰৈছে ক'ৰবাত মৰম ৷
নিঃসংগতাই সংসাৰ পাতিছে জাবৰ হৈ পৰি থকা কোঠালীটোত ৷
আতৰি গৈছে ক্ৰমে ওঁঠৰ পৰা হাঁহি আৰু হৃদয়ৰ পৰা শব্দবোৰ… ৷
ৰামধেনুৰ ৰংবোৰ বেৰঙীন হৈ ওলমি আছে মাথো অহৰহ চকুৰ পতাত…
ණ মণীষা হাজৰিকা
ভাল লাগিছে ।
dhanybad