poem @ poem
(প্ৰাণহীন ৰাতি)
ৰাতিটো মোৰ বাবে প্ৰাণহীন
শিল এচপৰা
ৰাতিৰ সৌন্দর্যক ভাল পাওঁ
ভাল লাগে কলিতেই
মৰহি যোৱা সৰু সৰু সপোনৰ লগত
কথা পাতি কথা পাতো
আন্ধাৰত জোনটোক
বিচি থকা তামোলৰ পাত আৰু
নিয়ৰৰ টোপালৰ সৈতে
কৈনেকৈ দুখৰ সাগৰ সিঁচি সুখৰ
মাণিক খালৈত থয়।
ৰাতি সাৰে থাকে নিশাৰ সভ্য
আন্ধাৰ আৰু ঠেক গলিটোৰ
বেশ্যা কেইজনী
আৰু কামিহাড় ওলোৱা জাবৰৰ
দমত পৰি জোতাৰ
চামৰা কামুৰি থকা গৃহস্হহীন কুকুৰ
কেইটা আমগছৰ খোৰোং ত
থকা ফেঁচাজনীয়ে নিউ নিউ
কৈ মাতি সৌন্দর্যৰ
ভয়ানতা দুগুণে বঢ়ায়,
সৌন্দর্যৰো ভয়ানতা আছে পাৰ
নোপোৱা
দৈত্যকলা দুটামানেও
পোতা পুখুৰীত হৈ চৈ কৰে
কল্পনাৰ পৰী কেইজনীয়েও ডাৱৰৰ
পিঠিত বহি গুণ গুণাই
সূষ্টি কৰে এটা বেসুৰীয়া সুৰৰ
আৰম্ভণি অকলশৰীয়া হৃদয়খনেও
জোখাতকৈ বেচি অভিমানী হৈ
পৰে কলিজাৰ এটা কোণৰ
পৰা পৰি থাকে টোপ টোপ
কৈ আবেগ সঞ্চাৰিত ভয়বোৰ
দৈত্যকলাৰ জোলোঙাটোৰ
সাধুটো অলপ অলপ হৈ ধৰা দিয়াত
স্মৃতিৰ মানস পটত|
Created at 2014-01-05 12:38:34
Back to posts
UNDER MAINTENANCE
Maina dhunia hoise.