poem
(((সৰু সৰু বস্তুবোৰত
ভালপোৱা বোৰ লাগি থাকে)))
মোৰ ৰং নাই
বিচাৰিব জানিলে মোক
পাবি তই
আহতৰ
কোমলীয়া কোমলীয়া পাতৰ
সেউজীয়াত ।
ফাগুনৰ ৰঙীন ধূলিয়ে মোক
আকোঁৱালী �লৈ যায়
বহু দূৰ বহু দূৰ বহু দূৰ...
বৰষুণৰ চেঁচা চেঁচা স্পৰ্শত
বসন্তৰ মিঠা মিঠা সুবাসত
ওলমি থাকে
পুৱতি নিশাৰ কিছুমান সপোনৰ
ছবি
সেয়াই চাগৈ ভালপোৱাৰ
আৰ�ম্ভণি...
পুৰণি কাগজৰ ভাজে ভাজেও
প্ৰেমৰ চিনাকি গোন্ধ শু�ই আছে
তাতে ৰহণ সানে আবেগৰ
দুটোপাল চকুলোৱে
তই সুৰ দিবি সেই উচুপনিত
সেই সুৰৰ প্ৰেমিকা হৈ কটাম
এটা উজাগৰী নিশা
কেৱল তোৰ প্ৰেমিকা হৈ.......
মণীষা ঠেঙ্গাল
Created at 2014-01-05 12:43:31
Back to posts
UNDER MAINTENANCE